সোণাৰিঃ সোণাৰিত আৰক্ষীৰ গুলীচালনা।
দুৰ্বৃত্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
বাওঁ ভৰিত গুলীবিদ্ধ সুৰজ গগৈ নামৰ এজন যুৱক। আলফা(স্বাঃ)ৰ লিংকমেনৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছিল সুৰজক।
নিশা স্বাস্থ্যপৰীক্ষাৰ অন্তত আন্ধাৰৰ সুযোগ লৈ পলায়নৰ চেষ্টা চলাওতে আৰক্ষীয়ে গুলীচালনা কৰে সুৰজলৈ।
৩টাকৈ গুলী ভৰিত লাগে সুৰজৰ।
সম্প্ৰতি ডিব্ৰুগড় মেডিকেল হস্পিতালত চিকিৎসাধীন হৈ আছে সূৰুয।
সুৰজৰ ঘৰ বেতবাৰী তামুলী বজাৰত চাংমাই গাঁৱত।