সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

সোণাৰি সমষ্টিৰ চফ্ৰাই গাওঁ পঞ্চায়তৰ বৰপথাৰ ন পাম নেপালী গাঁৱৰ দিচাং নৈৰ খহনীয়া পৰিদৰ্শন কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি খহনীয়াৰ কৱলত পৰা অঞ্চলসমূহত খহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে ৰাইজক।


দিচাং নৈৰ লগতে টিয়ক নৈৰ খহনীয়া সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব বুলি মন্তব্য কৰে ৰাইজৰ আগত।

লগতে পঢ়ক ৰাজপথৰ জৰাজীৰ্ণ অৱস্থা : ৰাইজে ভূঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply