সোণাৰি: পূজাৰ বজাৰৰ ভিৰৰ মাজতে আজি সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত সোণাৰিৰ পৱন জৈন নামৰ ব্যৱসায়ী জনৰ জৈন হাৰ্ডৱেৰত সংঘটিত শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড হয় বুলি জানিব পৰা গৈছে।
আনহাতে অগ্নিকাণ্ডৰ ফলত প্ৰায় এক কোটি টকা মূল্যৰ সামগ্ৰী জুইত জাহ যায় বুলি মন্তব্য কৰিছে ব্যৱসায়িক প্ৰতিষ্ঠান টোৰ স্বত্বাধিকাৰী পৱন জৈনে। উল্লেখ কৰা প্ৰয়োজন যে বিগত এটা মাহ পূৰ্বে সোণাৰি নগৰত আৰম্ভ কৰা হৈছিল এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ।
ইফালে অগ্নিকাণ্ড সংঘটিত হোৱা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয় যদিও প্ৰায় এক ঘণ্টাৰ পাছতহে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাৰ চেষ্টা চলায় অগ্নিনিৰ্বাপক বাহিনীয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে আন ঠাইলৈ জুই বিয়পি নপৰাৰ বাবে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰে।
ফলত পূজাৰ বজাৰত হোৱা সমাগমত বহু লোকৰ জীৱন কথমপি ৰক্ষা পৰে।
লগতে পঢ়কঃ বিগত দুবছৰ ধৰি দুৰ্গা পূজাৰ মাণ্ডপ নিৰ্মাণ কৰা নাই নুৰুদ্দিন আহমেদে