সোণাৰি-সোণাৰিত নিশা সংঘটিত এক অগ্নিকাণ্ডৰ ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত ।
সোণাৰিৰ নামতোলা চাৰিআলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।
জুইৰ লেলিহান শিখাই নিমিষতে ভস্মীভূত কৰে ৫খনকৈ ব্যৱসায়িক প্রতিষ্ঠান।
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
অগ্নিকাণ্ডৰ ফলত প্রায় ১৫ লাখ টকাৰ সা-সম্পত্তি বিনষ্ট হোৱা বুলি জানিব পৰা গৈছে।
অৱশেষত ঘটনাস্থলীত সোণাৰি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।