সোণাৰিত অব্যাহত আছে বানৰ সংহাৰ। সোণাৰিৰ আন প্ৰান্তৰ লগতে ৰতনপুৰ চাহ বাগিচা জলমগ্ন। বানৰ প্ৰকোপত স্তব্ধ বাগিচাৰ কাম-কাজ। বন্যাৰ্ত শ্ৰমিকৰ বুজ নোলোৱাৰ অভিযোগ বাগিচা কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে।
সোণাৰিত তৃতীয় দিনতো শাম কটা নাই বানৰ সংহাৰ। বছৰৰ প্ৰথমটো বানত এতিয়া সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে সাধাৰণ জনতা। ইফালে টিয়ক নৈৰ বাঢ়নী পানীয়ে সোণাৰিৰ ৰতনপুৰ চাহ বাগিচা প্লাবিত কৰাত স্তব্ধ হৈ পৰিছে বাগিচাৰ কাম কাজ।
উল্লেখ্য যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে চৰাইদেউ জিলাৰ মাজেৰে বৈ যোৱা নৈ-উপনৈ সমূহ। টিয়ক নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ভজো গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰতনপুৰ চাহ বাগিচাৰ অধিকাংশ এলেকা পানীৰ মাজত আৱদ্ধ হৈ পৰাত এতিয়া হাহাকাৰ লাগিছে শ্ৰমিকসকলৰ মাজত।
বাগিচাখনৰ সিংহভাগ শ্ৰমিকৰ বাসগৃহ পানীৰ মাজত আৱদ্ধ হৈ পৰাৰ লগতে কোনো কোনো শ্ৰমিকৰ ঘৰৰ ভিতৰলৈ পানী সোমোৱাৰ ফলত ওচৰৰ ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে।
আনহাতে দুদিন ধৰি পানীৰ মাজত আৱদ্ধ হৈ থকাৰ পাছতো চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে ভজো গাঁও পঞ্চায়ত কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় শ্ৰমিকে।
লগতে পঢ়ক ফকিৰগঞ্জত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়া