সোণাৰি : এফালে ক’ৰণাৰ সংক্ৰমণ আনফালে আংশিক লকডাউনৰ প্ৰভাৱত বিধ্বস্ত সাধাৰণ জনতা। তাৰ মাজতে বছৰৰ প্ৰথমটো বানত বুৰিল সোণাৰিৰ বিস্তৃৰ্ণ অঞ্চল। বানৰ কৱলত পৰি সোণাৰিৰ বহু লোক এতিয়া সমস্যাৰ সন্মুখীন হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত বিগত কেইবা ঘণ্টা ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে চৰাইদেউ জিলাৰ বিভিন্ন নৈ-উপনৈৰ জলস্তৰ।
যাৰ ফলত ফেনে-ফুটুকাৰে বঢ়া নদীৰ পানীয়ে প্লাৱিত কৰিছে সোণাৰি নগৰৰ লগতে চফ্ৰাই, বেঙেনাবাৰী পঞ্চায়তৰ বিভিন্ন প্ৰান্তত। নগালেণ্ডৰ মন জিলাৰ পৰা বৈ অহা টাওকাক নৈৰ বাঢ়নী পানীৰ ফলত বুধবাৰৰ আবেলিৰপৰাই জলমগ্ন হৈছে সোণাৰিৰ বিভিন্ন অঞ্চল। সোণাৰি নগৰৰ শান্তিপুৰ, পাৰ্বতিপুৰ, সেউজীপাম, ভবানীপুৰ, লাচিত নগৰ, দক্ষিণ সোণাৰি অঞ্চল প্লাবিত কৰিছে টাওকাক নৈৰ পানীয়ে।
উল্লেখ্য যে, বিগত দিনকেইটাত নগালেণ্ডৰ মন জিলাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতেই টাওকাক নৈত বৃদ্ধি পাইছে পানীৰ স্তৰ। ইফালে চৰাইদেউ জিলাৰ সোঁমাজেৰে বৈ যোৱা দিচাং নদীৰ বাঢ়নি পানীৰ ফলত প্লাৱিত হৈছে নদীৰ কাষৰীয়া বহু অঞ্চল। দিচাং নদীৰ বাঢ়নি পানীৰ ফলত চফ্ৰাই বৰপথাৰ অঞ্চলত দুই শতাধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে কৃষিপথাৰ তথা পশুধন।
ইফালে টিয়ক নৈৰ বাঢ়নী পানীৰ সোণাৰিৰ সেউজীয়া পাম অঞ্চলৰ বহু লোক ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ওচৰৰ এটা হোষ্টেলত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে একাংশ লোকে। আনহাতে সোণাৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোকৰ কাষত উপস্থিত হৈ কিছু পৰিমাণে সাহাৰ্য সামগ্ৰী বিতৰণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। বানাক্ৰান্ত লোকক ব্যক্তিগত ভাৱে সহায় কৰাৰ লগতে শীঘ্ৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰে বিধায়ক গৰাকীয়ে।
এই সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আগন্তুক বিধানসভা অধিৱেশনত সোণাৰি সমষ্টিৰ বানপানী সমস্যা সমাধানৰ বিষয়টো উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰে। সোণাৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত হোৱা নদীৰ গৰাখহনীয়া ৰোধৰ বাবে আঁচনি প্ৰস্তুত কৰা লগতে বিভিন্ন ঠাইত মঠাউৰি নিৰ্মাণ কৰিবলৈ বিধানসভাৰ বাজেট অধিৱেশনত প্ৰস্তাৱ দিব বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে।
লগতে পঢ়ক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ টাৱাৰৰ কাম কৰি থকা অৱস্থাত সোৱণশিৰি নদীত পৰিল আনন্দ বাগানৰ যুৱক