সোণাৰিঃ চৰাইদেউ জিলাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ উদ্দেশ্যে সোমবাৰে নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয়।

মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নৱাগত আদৰণি সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত।

লগতে পঢ়কঃকটকীপাৰাত পিটনিত আৱদ্ধ বনৰীয়া হাতী

সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত নৱাগত আদৰণি সভাখনত সোণাৰি কমাৰ্চ কলেজৰ অধ্যক্ষ ড° বিপুল দে’, অধ্যাপক অনিল তাঁতীৰ লগতে কেইবাগৰাকীয়ো বিশিষ্ট অতিথি উপস্থিত থাকি জ্ঞান গৰ্ভ কথাৰে বক্তব্য প্ৰদান কৰে। আনহাতে সভাৰ শেষলৈ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply