সোণাৰি : চৰকাৰৰ অভিলাষী আঁচনি “কৃষকৰ পৰা ধান প্ৰতিকুইন্টলত ১৯৪০ টকাকৈ ক্ৰয় কৰা সন্দৰ্ভত আজি চৰাইদেউ জিলাৰ ৩৮ খন গাঁও-পঞ্চায়তত কৃষকক সজাগ কৰাৰ উদেশ্য “বিশেষ গাঁও-সভা অনুস্থিত কৰা হয়।
জিলাখনৰ উপায়ুক্ত পল বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত উপায়ুক্ত সকল,মহকুমাধিপতি (সদৰ)সকল,সহকাৰী আয়ুক্ত সকল,চক্ৰ বিষয়া সকল বিডিঅ’ সকল, যোগান বিভাগৰ সহকাৰী সঞ্চালক, পৰিদৰ্শক সকল,কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী সকল,গাঁও-বুঢ়া সকল,লাটমণ্ডল সকল আৰু গাঁও-পঞ্চায়তৰ সভাপতি-সম্পাদক সকল জিলাখনৰ গাঁও-পঞ্চায়ত সমূহত উপস্থিত থাকি কৃষক ৰাইজক এই বিশেষ গাঁও-সভাত বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়।
লগতে পঢ়কঃবোকাখাতৰ বিশিষ্ট লেখক বিজু বৰিলৈ ” ৰাষ্ট্ৰীয় গৌৰৱ বঁটা -২০২২
জিলাখনৰ উপায়ুক্ত পল বৰুৱাই আজি অনুষ্ঠিত হোৱা বিভিন্ন গাঁও -সভাত উপস্থিত থাকি কৃষক সকলক চৰকাৰৰ অভিলাষী আঁচনি খন গ্ৰহণ কৰি উপকৃত হ’বলৈ বিশেষ ভাবে আহবান জনায়।
ইয়াৰ উপৰিও অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী তথা মাহমৰা বিধান সভা সমষ্টিৰ বিধায়ক যোগেন মহনেও জিলা খনৰ বিভিন্ন গাওঁ-পঞ্চায়তত অনুস্থিত কৰা বিশেষ গাঁও-সভাত উপস্থিত থাকি কৃষক সকলক চৰকাৰৰ অভিলাষী আঁচনি খনৰ সম্পৰ্কে বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়।
গাঁও-সভা সমুহত চৰকাৰে কৃষকৰ পৰা ধান ক্ৰয় কৰিব বিচৰা জিলা খনৰ তিনিটা কেন্দ্ৰ ক্ৰমে এঙেৰাতিনিআলি, মৰান আৰু শিলাকুটি।