সোণাৰিঃ ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ অন্তৰ্গত মঙলবাৰে চৰাইদেউ জিলাৰ স্বাস্থ্যকৰ্মী সকলৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়।
চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নিজৰা দেৱীয়ে।
লগতে পঢ়কঃলামডিং ৰেলৱে ষ্টেচনত বৃহৎপৰিমাণৰ ব্ৰাউন চুগাৰ উদ্ধাৰ
সোণাৰি যক্ষ্মা কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসা তত্বাৱধায়ক মৃত্যুঞ্জয় দাসে আঁতধৰা প্ৰশিক্ষণ শিবিৰত বিশ্ব স্বাস্থ্য সংস্থাৰ কনচাল্টটেন্ট ডাঃ দিগন্ত ঠকুৰীয়া, ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ শিৱসাগৰ জিলাৰ জিলা আঁচনি বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে।