সোণাৰিঃ ল’ৰা-ছোৱালী পিতৃ-মাতৃৰ লগত থাকিবৰ কাৰণে প্ৰশাসন চলোৱাত চাৰিদিন অসুবিধা হ’লেও হওক। এই ক্ষেত্ৰত চৰকাৰে সহ্য কৰিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। স্বাস্থ্য বিভাগ, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক এই ক্ষেত্রত চাৰিমাহত চুটি ভগাই ল’বলৈ আহ্বান।
মাঘ বিহু ঘৰতেই হয়। গতিকে ক’ভিডৰ কাৰণে অসুবিধা নাই। গুৱাহাটীত আজি এই সন্দৰ্ভত আলোচনা হ’ব আৰু তাতেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আজি সোণাৰিত উপস্থিত হৈ নিৰ্মিয়মান চৰাইদেউ মেডিকেল কলেজৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়।
লগতে পঢ়কঃৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত আজিৰে পৰা নাথাকিব চৰকাৰী কৰ্মচাৰী
পুৱাৰ ভাগত সাংসদ তপন কুমাৰ গগৈৰ ঘৰত উপস্থিত হৈ স্থানীয় ৰাইজৰ লগতে দলীয় কৰ্মীৰ লগত মত বিনিময় কৰা পাছত মেডিকেল কলেজ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
ইয়াৰ পূৰ্বে আজি চৰাইদেউ ভ্ৰমণৰ সময়ত কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষাগুৰুসকলৰ লগত মত বিনিময় কৰা পাছত আজি সাংসদ তপন কুমাৰ গগৈৰ চৰাইদেউ জিলা ভেছেলী পথাৰ গাঁওস্থিত বাসভৱনলৈ গৈ যোৱা ১৮ নৱেম্বৰত পৰলোকপ্ৰাপ্তি ঘটা তেখেতৰ মাতৃ সৰুমাই গগৈ ডাঙৰীয়ানীৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷