সোণাৰি: বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশত আৰু এঢাপ আগুৱাইছে চৰাইদেউ মৈদাম ক্ষেত্ৰ। আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী তথা পৰৱৰ্ত্তী সময়ত পবিত্ৰ মৈদাম ক্ষেত্ৰত পৰিণত হোৱা চৰাইদেউত উপস্থিত বহিৰাষ্ট্ৰৰ গৱেষকৰ দল।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় দ’চিয়াৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ চৰাইদেউত সমল সংগ্ৰহ কৰিছে থাইলেণ্ড, শ্ৰীলংকাৰ গবেষক দলে।

উল্লেখ্য যে নাজিৰাত অনুষ্ঠিত হৈ থকা “চৰাইদেউৰ আহোম ৰাজত্বকালৰ মৈদাম সমূহৰ গুৰুত্ব, পবিত্ৰতা আৰু মূল্য আধাৰিত ব্যৱস্থাপনা” শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবলৈ অহা গৱেষকৰ দলটোৱে আলোচনা চক্ৰ উদ্বোধনৰ পাছতে বৃহস্পতিবাৰে আবেলি চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply