সোণাৰিঃ চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ টিঙালীবাম চাহ বাগিচাত সংঘটিত এক হত্যাকাণ্ডই এতিয়া সমগ্ৰ জিলাতে জোঁকাৰণি সৃষ্টি কৰিছে।

বিগত ২৩ আগষ্টৰ সন্ধিয়া টিঙালিবাম চাহ বাগিচাৰ ১৩ নম্বৰ লাইনৰ বাসিন্দা মংলু তাঁতী আৰু তিলেশ্বৰী তাঁতীৰ কন্যা আলিয়া তাঁতীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সৃষ্টি হৈছে সমগ্ৰ চৰাইদেউ জিলাত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

মৃতদেহটোৰ ডিঙিত চোকা অস্ত্ৰৰ আঘাতলৈ চাই এয়া হত্যাকাণ্ড বুলি নিশ্চিত হৈছে যদিও আচলতে কি কাৰণত কোনে আলিয়া তাঁতী নামৰ সাত বছৰীয়া কন্যা শিশুটিক হত্যা কৰিলে সেই কথা ৰহস্যজনক হৈ আছে।

বাগিচাখনৰ ১৪ নম্বৰ লাইনৰ এটা নলাত মৃতদেহটো উদ্ধাৰ কৰা পাছত ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহটো।

লগতে পঢ়কঃবৰপেটাতো বাল্য বিবাহ কৰোৱা কাজী গ্ৰেপ্তাৰ কৰিছে হাউলী আৰক্ষীয়ে

বাগিচাখনৰ যি ঠাইত মৃতদেহটো যিঠাইত উদ্ধাৰ কৰা হৈছিল তাৰপৰা নাতি দূৰত এটা কালী থান থকালৈ চাই এয়া নৰবলি সদৃশ ঘটনা বুলি বহু লোকে সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে বাগিচাখনৰ শ্ৰমিক সকলৰ একাংশই ধৰ্ষণ কৰি হত্যাকাণ্ড সংঘটিত কৰাৰো সন্দেহ প্ৰকাশ কৰিছে।

জানিব পৰা মতে আলিয়া তাঁতী নামৰ শিশুটিয়ে সমনীয়াৰ লগত বাগিচা খনৰ মাজত খৰি বিচাৰি গৈছিল । সেই সময়তে বাগিচাখনৰ মাজত এজন যুৱকক লগ পায় শিশুকেইটাই। যিজনে শিশুকেইটিক ধমকি দি ঘূৰাই পঠোৱাৰ লগতে আলিয়াক নিজৰ লগত ৰাখি থয়।

ইফালে সন্ধিয়ালৈকে শিশুটি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত চাহ বাগিচাৰ এটা নলাত হাবিৰ মাজত উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰ হোৱা স্থানৰ পৰা মাত্ৰ দুশ মিটাৰ আঁতৰত আছে এখন কালী থান।

বিভিন্ন সময়ত পূজা-অৰ্চনা কৰা লগতে বলি বিধান চলে কালী থানখনত। আনহাতে মৃতদেহটো উদ্ধাৰ হোৱা স্থানত চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ইয়াৰ পৰিপ্ৰেক্ষিতত এয়া অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই কোনো লোকে পূজাৰ নামত কন্যা শিশুটিক বলি দিয়া বুলিয়েই সন্দেহ কৰা হৈছে।

আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত দোষীক চিনাক্ত কৰি দৃষ্টান্ত মূলক শাস্তিৰ দাবী উত্থাপন কৰিছে স্থানীয় অসম চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনসূহে।

উল্লেখ্য যে, চলিত মাহতে সোণাৰিৰ চফ্ৰাই চাহ বাগিচাৰ চিংলো লাইনত অনুৰূপ আন এটা ঘটনা সংঘটিত হৈছিল। আঠ আগষ্ট তাৰিখৰ পৰা নিৰুদ্দেশ হৈ থকা চাৰি বছৰীয়া এটি কন্যা শিশু এটিৰ মৃতদেহ চিংলো নদীত দহ আগষ্ট তাৰিখে উদ্ধাৰ হৈছিল। পৰৱৰ্তী সময়ত অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নিজৰ পিতৃয়ে শিশুটিক ডিঙি চেপি হত্যা কৰা বুলি জানিবলৈ পোৱা গৈছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত টিঙালীবাম চাহ বাগিচাৰ হত্যাকাণ্ডৰ ঘটনাও যে তেনে কাৰণতে নহ’ব তাক নুই কৰিব নোৱাৰি। মন কৰিবলগীয়া যে চাহ বাগিচা অঞ্চলত সজাগতাৰ অভাৱৰ বাবেই বিভিন্ন পূজা-পাতলৰ নামত বিভিন্ন সময়ত জীৱ-জন্তু বলি আদি দি থকা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত এই ঠাইসমূহত সজাগতাৰ অধিক প্ৰয়োজন আছে বুলি সচেতন লোকে উত্থাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply