সোণাৰিঃ শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ অধীনত ৰহণ গাওঁ পঞ্চায়তৰ অন্তৰ্গত দিচাং নদীৰ কাষৰীয়া ৰহন নেপালী বস্তিত মঙলবাৰে এখন বান প্ৰতিৰোধী আঁচনি শুভাৰম্ভ কৰা হয়।

২০২০-২১ বৰ্ষৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা শিতানৰ পুঁজিৰে প্ৰায় ৯০ লক্ষ টকা ব্যয়েৰে হ’বলগীয়া আচঁনিখন শুভাৰম্ভ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

আচঁনিৰ শুভাৰম্ভ কাৰ্যসূচীৰ লগতে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আচঁনিৰ শুভাৰম্ভ কৰা সম্পৰ্কে বক্তব্য ৰখাৰ উপৰিও চৰকাৰী আচঁনি সমূহৰ ৰূপায়ন সম্পৰ্কত বিস্তাৰিত ভাৱে আলোকপাত কৰে।

লগতে পঢ়কঃজামুগুৰিহাটৰ যুৱ সাংবাদিক চন্দন শৰ্মাক ২০২১ বৰ্ষৰ সংবাদ সেৱা বঁটা প্ৰদান

ৰহন গাওঁ পঞ্চায়তৰ সভাপতি বুধিন বড়াই সভাপতিত্ব কৰা সভাখনত জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰ, সহকাৰী কাৰ্য্যবাহী অভিযন্তা জয়ন্ত কুমাৰ বৰপূজাৰী , কনিষ্ঠ অভিযন্তা বিকুল দাস, অঞ্জনাভ শ্যাম, জেহেৰুদ্দিন আহমেদ, আঞ্চলিক পঞ্চায়তৰ সদস্যা মমী সোণোৱাল, গাওঁ প্ৰধান জিতেন দত্ত, গোপীনাথ গগৈ, ৱাৰ্ড সদস্য সকল, বুথ সমিতিৰ সভাপতি সকলৰ লগতে দলীয় কাৰ্যকৰ্তা তথা শতাধিক স্থানীয় লোক উপস্থিত থাকে।

সমষ্টিৰ উন্নয়নত সকলো প্ৰকাৰৰ সহযোগিতাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply