সোণাৰিৰ শিক্ষাণুষ্ঠানত ব্যতিক্ৰমী প্ৰতিযোগিতা

সোণাৰি: ছাত্ৰ ছাত্ৰীৰ মূল্যবোধৰ অবক্ষয় হোৱা বুলি আজিৰ সমাজত আলোচনা হোৱাৰ সময়তে সোণাৰিৰ এখন শিক্ষানুষ্ঠানে লৈছে ব্যতিক্ৰমী পদক্ষেপ।

কেৱল পাঠ্যপুথিগত শিক্ষাই নহয় ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে দায়বদ্ধতাৰে আগবাঢ়িছে সোণাৰি জুনিয়ৰ কলেজ।

এই কথাকে আগত ৰাখি সোণাৰিৰ অন্যতম শিক্ষানুষ্ঠান সোণাৰি জুনিয়ৰ কলেজত অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰীড়া উৎসৱত ছাত্ৰ ছাত্ৰীসকলক লৈ আয়োজন কৰিছে কেতবোৰ ব্যতিক্ৰমী অনুষ্ঠান।

পাঠ্যক্রমৰ শিক্ষাৰ লগতে সামাজিক, ক্ৰীড়া,সাহিত্য, সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতিও আগ্ৰহী কৰি তুলিবলৈ সোণাৰি জুনিয়ৰ কলেজৰ বাৰ্ষিক ক্ৰীড়া উৎসৱ অনুষ্ঠিত কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুকেইটা আটকধুনীয়া অনুষ্ঠান।

এই ক্ৰীড়া উৎসৱত পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰকল্প, সংগীত, সাহিত্য আদিৰো প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।

জীৱনত নিত্যপ্ৰয়োজনীয় কৰ্মকো ক্ৰীড়া প্ৰতিযোগিতা হিচাপে অন্তৰ্ভুক্ত কৰাত বিশেষভাৱে আকৰ্ষিত কৰিছে ছাত্ৰীসকলক।

প্ৰতিযোগিতাৰ অংশ হিচাপে চাউল জৰা কাৰ্যকো অন্তৰ্ভুক্ত কৰাত অসমৰ গ্ৰাম্যজীৱনৰ অপৰিহাৰ্য্য অংগক লৈ ছাত্ৰীসকলক আকৰ্ষিত কৰা পৰিলক্ষিত হয়।

মহাবিদ্যালয় খনৰ অধ্যক্ষা ৰশ্মি মহনৰ মতে সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব নোৱাৰিলে সমাজ এখন সুষ্ঠ নহয় । সেইবাবেই পাঠ্যপুথি শিক্ষাৰ লগতে আন কেতবোৰ অনুষ্ঠান অথবা প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।

লগতে পঢ়ক-লিডুৰ মোলাং বৌদ্ধ বিহাৰত ইউ গুনাৱন্ত ভান্তেৰ ১০৩ সংখ্যক জন্মদিন উদযাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply