সোণাৰিঃ কাজি নেমুৰ খেতি কৰি স্বাৱলম্বী হৈছে সোণাৰিৰ এগৰাকী উচ্চ শিক্ষিত যুৱক। চাকৰিৰ মহঙা দিনত কৃষিকাৰ্যৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে যুৱকজনে।
সোণাৰিৰ চফ্ৰাই মোহন গাঁও অঞ্চলৰ নিবাসী ক্ষীৰেন্দ্ৰ দত্তৰ পুত্ৰ প্ৰশান্ত দত্তই কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে।
চৰাইদেউ জিলাৰ সোঁমাজেৰে বৈ যোৱা দিচাং নদীৰ কাষত কেইবা বিঘা মাটিত বিভিন্ন শস্যৰ খেতি কৰি উপাৰ্জনৰ পথ মুকলি কৰিছে।
আৰু পঢ়কঃদৰিদ্ৰতাৰ বাবেই চিকিৎসাৰ পৰা বঞ্চিত ধেমাজি বিল গাঁৱৰ এগৰাকী মহিলা
বিশেষকৈ তিনি বিঘা মাটিত থলুৱা জাতৰ কাজি নেমু আৰু ডেৰ বিঘা মাটিত গোল নেমুৰ খেতি কৰি এতিয়া বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
প্ৰায় দহ বছৰ পূৰ্বে নেমু খেতি কৰিবলৈ লোৱা প্ৰশান্ত দত্তই এতিয়া সোণাৰি, শিমলুগুৰিকে ধৰি চৰাইদেউ জিলাৰ বিভিন্ন বজাৰত বছৰি ৭০ হাজাৰোধিক কাজি নেমু যোগান ধৰিবলৈ সক্ষম হৈছে।
ইফালে চৰকাৰী সুবিধা অবিহনে কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ নিজৰ অভিজ্ঞতাৰে কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱা প্ৰশান্তই নিজৰ ঘৰখন পোহপাল দিয়াৰ লগতে কেইবাটাও পৰিয়ালক দিছে সংস্থাপনৰ সুবিধা।