সোণাৰিঃ এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ মাজত আজি সোণাৰিত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰে বন বিভাগে।

ৰাতিপুৱাৰে পৰা বহু চেষ্টাৰ অন্তত সোণাৰিৰ বানফেৰা নিবাসী ৰমেশ কেওঁটৰ ঘৰৰপৰা পিঞ্জৰাবদ্ধ কৰে নাহৰফুটুকীটো।

জানিব পৰা মতে দেওবাৰে সন্ধিয়াই ৰমেশ কেওঁটৰ কুকুৰা গঁৰালত সোমাইছিল নাহৰফুটুকীটো।

আজি ৰাতিপুৱা ৰমেশ কেওঁটে এই কথা জানিব পাৰি ওচৰ-চুবুৰীয়াৰ লগতে বন বিভাগক খবৰ দিয়ে।

লগতে পঢ়কঃ তেজপুৰত নাঙল ধোৱা পিঠা খোৱা পৰ্ব অসমীয়াৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস

বন বিভাগৰ লোক উপস্থিত হয় ৰাতিপুৱা ৫ বজাৰ পৰাই নাহৰফুটুকীটো ধৰিবলৈ বাহৰ পাতে আৰু প্ৰায় পাঁচ ঘণ্টাৰ এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ মাজত পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় ।

নাহৰফুটুকীটো ধৰিবলৈ বাহৰ পতা বন বিভাগৰ কৰ্মচাৰীয়ে শূণ্যলৈ চাৰি জাঁই গুলী বৰ্ষণ কৰিবলগীয়া হয়। ইফালে ৰমেশ কেওঁটৰ ঘৰৰ কুকুৰা গঁৰালত নাহৰফুটুকী আৱদ্ধ হোৱাৰ খবৰ পাই শ শ লোকে ধোদৰ আলিত ভিৰ কৰেহি বাঘটো চাবলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply