সোণাৰিঃ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ জনসাধাৰণে জ্বলাকলা খোৱাৰ সময়তে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্যৰ চৰকাৰ। আনহাতে ৰাজ্যৰ বহুকেইগৰাকী জনপ্ৰতিনিধিয়ে ইতিমধ্যে মূল্যবৃদ্ধিৰ কাৰণ সন্দৰ্ভত মতামত আগবঢ়োৱা পৰিলক্ষিত হৈছে।
মূল্যবৃদ্ধি ৰোধ কৰোঁ বুলি চৰকাৰে ৰোধ কৰিব নোৱাৰে। বানপানীৰ বাবে বেপাৰীয়ে মূল্যবৃদ্ধি কৰা দেখা যায়। আনহাতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰো দোষ নথকা নহয়। সুলভ মূল্যৰ চাউল বিতৰণো মূল্যবৃদ্ধিৰ এক কাৰণ বুলি মন্তব্য কৰিছে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
সুলভ মূল্যৰ চাউল বিনামূলীয়া বিতৰণৰ বাবেই মূল্যবৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে সোণাৰি সমষ্টিৰ বিধায়ক গৰাকীয়ে। বিনামূলীয়া চাউল লাভ কৰি কৃষকে এতিয়া খেতি কৰিবলৈ বাদ দিয়া হৈছে বুলিও আক্ষেপ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। কেৱল বিনামূলীয়া চাউল লাভ কৰিলেই জনতা উপকৃত নহয় অন্যান্য কাম-কাজসমূহ ৰাইজে নিয়মীয়াকৈ কৰিলেহে সামগ্ৰিক উন্নয়ন হ’ব বুলি মন্তব্য কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।