ক'ভিড আক্ৰান্তৰ লগত মত-বিনিময় ,খাদ্য সামগ্ৰী যোগান ক'ভিড আক্ৰান্তলৈ

সোণাৰি: কৰ’ণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তে জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ তৎপৰ হৈ উঠিছে চৰকাৰ, প্ৰশাসন তথা স্বাস্থ্য বিভাগ। নৱ নিৰ্বাচিত চৰকাৰখনৰ মন্ত্ৰী সভাই শপত গ্ৰহণৰ পাছতে জিলা সমূহৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মন্ত্ৰীসকলক পৃথকে পৃথকে দায়িত্ব অৰ্পন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰতিজন মন্ত্ৰীয়ে নিজৰ দায়িত্ব পালন কৰাৰ লগতে পৰস্থিতিৰ লগতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে। আনহাতে পিছপৰি থকা নাই বিভিন্ন সমষ্টিৰ জনপ্ৰতিনিধি সকল। সোণাৰি সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও ইতিমধ্যে সোণাৰি সমষ্টিৰ অন্তৰ্গত ক’ভিড চিকিৎসালয়সমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে।

সোমবাৰে সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয় আৰু সাপেখাতি আদৰ্শ চিকিৎসালয়লৈ গৈ ক’ভিড আক্ৰান্ত লোকৰ খবৰ লয় চিকিৎসালয় কৰ্তৃপক্ষৰপৰা। আনহাতে নিৰ্দিষ্ট দূৰৰ পৰা ক’ভিড আক্ৰান্ত লোকৰ লগত মত বিনিময় কৰাৰ ওপৰিও কিছু খাদ্য-সামগ্ৰী যোগান ধৰে নৱ নিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply