সোণাৰিঃ পূৰ্ণগতিত অব্যাহত আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভূক্ত হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আন্তঃগাথঁনি উন্নয়ন তথা সংৰক্ষণৰ কাম-কাজ। অসম চৰকাৰৰ দ্বাৰা আৱণ্টিত ২৫ লাখ টকা পুঁজিৰে অব্যাহত আছে আন্তঃগাথঁনি উন্নয়ন তথা সংৰক্ষণৰ আৰু সৌন্দৰ্য বৰ্ধনৰ কাম। ৰাজ্যিক প্ৰত্নতত্ব বিভাগৰ তৰফৰপৰা জানিবলৈ দিয়া অনুসৰি বৰ্তমানলৈকে প্ৰায় চাৰে সাত কোটি ব্যয় হৈছে মৈদাম পৰিস্কাৰ কৰা, চাৰিসীমাৰ বেৰা তথা পদপথ নিৰ্মাণ আদি কাৰ্যত।
আনহাতে চাহ বাগিচাই দখল কৰি থকা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ বৃহৎ পৰিমাণৰ এলেকাৰ পৰা চাৰিশ বিঘা মাটি ইতিমধ্যে বেদখলমুক্ত কৰাবলৈ সক্ষম হৈছে বিভাগীয় কৰ্তৃপক্ষ। মন কৰিবলগীয়া যে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে সোণাৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা স্থানীয় বাসিন্দা ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বিভিন্ন দল-সংগঠন আৰু স্থানীয় সচেতন লোকসকলে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে চৰাইদেউ মৈদামৰ আন্তঃগাথঁনি উন্নয়ন কৰিবলৈ পেকেজ ঘোষণা কৰিছিল। ইয়াৰ ফলশ্ৰুতিত ২০২৫ চনক সীমা নিৰ্ধাৰিত এতিয়া ক্ষীপ্ৰ গতিত অব্যাহত আছে আন্তঃগাথঁনি উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ কাম। কিন্তু ইয়াৰ মাজতে মৈদাম ক্ষেত্ৰৰ উন্নয়ন বিৰোধী একাংশ লোকে চৰকাৰৰ এই পদক্ষেপৰ মাজতে বিধিপথালি দিয়াও পৰিলক্ষিত হৈছে। যাৰ ফলত ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত।