YouTube Poster

সোণাৰি: আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউ আৰু ইয়াৰ আশে-পাশে সিঁচৰতি হৈ আছে বহু পুৰণি ঐতিহাসিক সম্পদ। ঐতিহ্যমণ্ডিত সোণাৰিতো আছে তেনে কিছুমান ঐতিহাসিক পুখুৰী তথা আহোম যুগৰ কীৰ্তিচিহ্ন।

ইফালে শেহতীয়াকৈ কেইজনমান সচেতন যুৱকে ঐতিহ্য মণ্ডিত ঠাই সোণাৰিত উদ্ধাৰ কৰিছে সাতটাকৈ মৈদাম। এখন চাহ বাগিচাৰ মাজত উদ্ধাৰ হৈছে মৈদাম কেইটা। ঐতিহাসিক সোণাৰি পুখুৰীৰপৰা প্ৰায় দুই কিলোমিটাৰ নিলগত অৱস্থিত এই সাত মৈদাম কোনজন আহোম স্বৰ্গদেউ তথা ডা-ডাঙৰীয়াৰ সেই কথা জানিব পৰা হোৱা নাই যদিও ইয়াৰে বৃহৎ মৈদামটো স্বৰ্গদেউ চ্যু-খাম-ফা মৈদাম বুলি সন্দেহ কৰা হৈছে।

স্থানীয় সচেতন যুৱক দিক্ষীত গগৈ আৰু কমলজ্যোতি হাজৰিকাৰ নেতৃত্বত স্থানীয় যুৱকৰ দল এটাই মৈদাম কেইটা চিনাক্ত কৰা পাছত পুৰাতত্ব বিভাগ আৰু বুৰঞ্জীবিদ তথা ইতিহাস অধ্যয়নৰ লগত জড়িত লোক সকলৰ লগত কৰা আলোচনাৰ অন্তত চাহ বাগিচা খনৰ মাজত থকা ওখ টিলাকেইটা মৈদাম বুলি নিশ্চিত হৈছে ।

আনহাতে পুৰাতত্ব বিভাগৰ লোকৰ দ্বাৰা ইতিমধ্যে প্ৰাথমিক পৰ্যায়ৰ জৰীপ সমাপ্ত হোৱাৰ পাছতো এয়া যে মৈদামেই হয় সেই কথা নিশ্চিত হৈছে। যাৰ ফলত অচিনাক্ত এই মৈদাম কেইটা চিনাক্তকৰণ কৰি চাহ বাগিচা কৰ্তৃপক্ষৰ লগত বুজাবুজিৰ মাধ্যেমেৰে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰাইদেউ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে সচেতন যুৱকৰ দলটোৱে।

লগতে পঢ়ক গুজৰাটৰ পৰা কুমাৰীকাটাত আহিল দুমহলীয়া বিলাসী বাছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply