সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত সাপেখাতিৰ ৰহন শ্যাম গাঁও। ১৯১৮ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল গাঁওখনে। লাকুৱা-চলাপথাৰৰ পৰা অহা কেইজনমান লোকৰ বসতি স্থাপনেৰে আৰম্ভ হৈছিল গাঁওখন।
টাই খাময়াং জনগোষ্ঠীৰ লোকৰ বসতিস্থল এই গাওঁখনত পৰৱৰ্তী সময়ত ১৯১৯ চনত স্থাপন কৰা হয় এটা বৌদ্ধ বিহাৰ। প্ৰথমাৱস্থাত কাঠ-বাঁহেৰে নিৰ্মিত বৌদ্ধ বিহাৰ অৰ্থাৎ বৌদ্ধ সাংস্কৃতিক আৰু বিপাশ্যনা কেন্দ্ৰটি সম্প্ৰতি আকৰ্ষণীয়কৈ থাইলেণ্ড তথা ব্ৰহ্মদেশৰ স্থাপত্যশৈলীৰ আৰ্হিত নতুনকৈ নিৰ্মাণ কৰা হৈছে।
সাংসদ উন্নয়ন পুঁজিৰ লগতে গাঁৱখনৰ বাসিন্দা তথা শুভাকাংক্ষীৰ সাহাৰ্যৰে নৱনিৰ্মিত এই কেন্দ্ৰটি ভিক্ষু সংঘক দান কৰিবলৈ ইতিমধ্যে সাজু কৰি তুলিছে গাওঁবাসীয়ে।
আনহাতে প্ৰায় চাৰিশৰোধিক লোকে বাস কৰা গাওঁখনৰ উপাসনাস্থলী এই কেন্দ্ৰটিক এতিয়া পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে গাঁওবাসীয়ে। টাই খাময়াং জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য-গীত তথা খাদ্যভাস আদিক পৰিকল্পিতভাৱে পৰ্যটকৰ সন্মুখত দাঙি ধৰিব পাৰিলে নিশ্চিতভাৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব ৰহন শ্যাম গাঁওৰ বৌদ্ধ সাংস্কৃতিক আৰু বিপাশ্যনা কেন্দ্ৰটি।
লগতে পঢ়কঃকাজিৰঙাত এনিমেল কৰিডৰৰ গইনা লৈ চলোৱা উচ্ছেদৰ বিৰোধিতাৰে ৰাইজৰ প্ৰতিবাদ