সোণাৰিঃ সোণাৰিত নগাৰ সন্ত্ৰাস। সোণাৰিৰ নগানদী বনগাওঁৰ পৰা অস্ত্ৰ দেখুৱাই কাঢ়ি নিলে তিনিটাকৈ গৰু।
গাঁৱখনৰ বাসিন্দা জীতেন মুণ্ডা আৰু শুকুৰমণি মুণ্ডাক ভাবুকি প্ৰদানেৰে ঘৰৰপৰাই কাঢ়ি নিলে গৰুকেইটা।
সোমবাৰে মাজনিশা হাতত মাৰণাস্ত্ৰ লৈ আহিছিল পাঁচজন নগা দুৰ্বৃত্ত। চিঞৰ-বাখৰ কৰিলে প্ৰাণেমৰা ভাবুকি নগা দুৰ্বৃত্তৰ।
লগতে পঢ়কঃধলপুৰত চলোৱা উচ্ছেদ অভিযান বন্ধ কৰিবলৈ আহ্বান জনাই ৰাষ্ট্ৰপতিলৈ পত্ৰ বদৰুদ্দিন আজমলৰ
ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে সোণাৰি আৰক্ষী। বিগত কেইটামান দিনত অঞ্চলটোৰপৰা পোন্ধৰটাৰো অধিক গৰু লৈ গ’ল নগা দুৰ্বৃত্তই।
উল্লেখ্য যে বিগত বছৰতো নগা আহি গাওঁবাসীক ভাবুকি প্ৰদানেৰে কাঢ়ি নিছিল কেইবাটাও পশুধন।