সোণাৰি : চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ অধীনস্থ সোণাৰি সংহত শিশু উন্নয়ণ প্ৰকল্পত আজি পোষণ মাহ-২০২১ৰ এক প্ৰকল্প পৰ্যায়ৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়া ভাৰতী বৰাৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানতেই পোষণ মাহত আয়োজন কৰা থলুৱা খাদ্যৰ ৰন্ধন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু শ্লোগান লিখা প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি অংগনবাড়ী কৰ্মীসকলক পুৰস্কৃত কৰা হয়।
লগতে পঢ়ক- অসম মেঘালয় সীমান্তৰ দীঘলবিলত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ এজন
প্ৰকল্প বিষয়াগৰাকীয়ে নিজৰ ভাষণ প্ৰসঙ্গত কয় যে- “অকল পোষণ মাহতেই নহয়, আমি সকলো সময়তে পুষ্টিহীনতাত ভোগা লৰা-ছোৱালীৰ যত্ন ল’ব লাগে আৰু সমাজৰ পৰা পুষ্টিহীনতা দূৰ কৰিব লাগে।” মুখ্য সেৱিকা অণিমা বৰগোঁহায়ে আঁত ধৰা সভাখনত চৰাইদেউ জিলাৰ প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা সহায়ক জয়ন্ত গগৈ, অভয়পুৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ খণ্ড সমন্বয়ক ভাস্কৰ জ্যোতি কটকী আৰু সোণাৰি প্ৰকল্পৰ প্ৰসেনজিত সেন শৰ্মা, গুৰুপ্ৰসন্ন বৰগোহাঁই, বিতোপন দত্ত , মুখ্য সেৱিকাবৃন্দ আৰু শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকা উপস্থিত থাকে।