সোণাৰি : সোণাৰিত বহিৰাজ্যলৈ গৰু সৰবৰাহৰ অপৰাধত গাঁওৰক্ষী বাহিনীৰ সম্পাদক সহ তিনিজনক আটক।
শনিবাৰে নিশা চাৰে এঘাৰ বজাত AS 04 AC 9231 নম্বৰৰ এখন টাটা এচি বাহনত সাতটা গৰু নগালেণ্ডলৈ নিয়াৰ সময়তে পুৰণি টাওকাক অঞ্চলত গাঁওৰক্ষী বাহিনীৰ সদস্যই কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
নিশা গাঁওৰক্ষী বাহিনীয়ে পহৰা দি থকা সময়তে কৰায়ত্ত কৰা লোক কেইজন হ’ল সোণাৰিৰ পাৰ্শ্বৱৰ্তী ভজোৰ উত্তম দে’ (৩৫), সোণাৰি দৰ্জীপটিৰ নিয়ামত আলি (১৮) আৰু পুৰণি টাওকাকৰ শেখ ফৰিদ আলি ।
ইয়াৰে শেখ ফৰিদ আলি নামৰ লোকজন পুৰণি টাওকাক অঞ্চলৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক। আটকাধীন লোককেইজনক গাওঁৰক্ষী বাহিনীয়ে কৰায়ত্ত কৰি নিশাই নামতোলা আৰক্ষীক চমজাই দিয়ে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে নামতোলা আৰক্ষী থানাত ৫৫/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 379/411/506 IPC, R/W Sec 11 (1) (2) cruelty to Animals Act, 1960,R/W Sec 13 Assam Cattle Preservation Act.ৰ অধীনত তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক-যোৰহাট জিলাৰ বৰভেটিৰ ন-লগোৱা উৎসৱে ২৫৪ বছৰত ভৰি দিলে