চৰাইদেউৰ নদীত বিহ দি মাছ নিধন

সোণাৰি : চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ বিভিন্ন নৈ উপনৈ সমূহত সহজে মাছ ধৰাৰ বাবে একাংশ দুষ্কৃতিকাৰীয়ে সঘনাই বিষাক্ত দ্ৰব্য ঢালি অহা ঘটনাই সচেতন জনতাক উদ্বিগ্ন কৰি অহা সময়তে আজি পুৱতি নিশা সোণাৰিৰ টিয়ক নৈত কোনো দুষ্কৃতিকাৰীয়ে বিষাক্ত দ্ৰব্য দিয়াৰ ফলত নৈখনত অস্বাভাৱিক হাৰত বিভিন্ন প্ৰজাতিৰ মাছ মৰি ওপঙি উঠা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে থলুৱা মাছৰ প্ৰজনন কাল আহি পৰা হেতু এই মাছ সংৰক্ষণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই যি সময়ত ৰাজ্যৰ বিভিন্ন জিলাত ভাৰতীয় মীন আইন ১৯৫৩ ৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে সেই সময়ত সোণাৰিৰ টিয়ক নৈত দুষ্কৃতিকাৰীয়ে বিষাক্ত দ্ৰব্য দি মাছ নিধন কৰা পৰিলক্ষিত হৈছে। ইফালে আজি নিচেই পুৱাতে নৈখনৰ দাঁতি কাষৰীয়া অঞ্চলৰ লোক সকলে নৈখনত ব্যাপক হাৰত মাছ মৰি ওপঙি উঠা দেখা পাই এই মাছ কাছ ধৰিবলৈ উবুৰি খাই পৰে।

এনেদৰে সংগ্ৰহ কৰা মাছ কাছ ভক্ষণ কৰিলে হব পৰা স্বাস্থ্য জনিত ক্ষতিসাধনৰ বিষয়টো উপেক্ষা কৰি বহু লোকে মৰা মাছ ধৰি খোৱাৰ লগতে সুলভ মূল্যত বিক্ৰী কৰা আজি পৰিলক্ষিত হয়।
মন কৰিবলগীয়া এয়ে যে যিসময়ত ৰাজ্যৰ অন্যান্য ঠাইত মাছৰ প্ৰজনন কাল আহি পৰাত জলাশয় সমূহত মাছ ধৰা নিষিদ্ধ কৰি থলুৱা মাছৰ বংশ ৰক্ষা কৰাৰ বাবে বিভাগীয় ভাৱে পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই সময়ত কিন্তু চৰাইদেউ জিলাত মীন বিভাগ কৰ্তৃপক্ষই কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাছিল। ইফালে সোণাৰিৰ টিয়ক নৈত বিহ দি মাছ নিধন কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতহে চৰাইদেউ জিলাত কনীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা কৰে।

চৰাইদেউৰ নদীত বিহ দি মাছ নিধন

অসম মীন নীতি ১৯৫৩ (Assam Fishery Rule,1953) আৰু অসম মীন (এমেণ্ডমেণ্ট) নীতি, ২০০৫ অনুসৰি ১ এপ্ৰিল ২০২১ ৰ পৰা ১৫ জুলাই ২০২১ লৈকে মাছৰ প্ৰজনন ঋতুৰ সময়ত বিশেষ ধৰণৰ আৰু বিভিন্ন আকৃতিৰ মাছ ধৰা জালৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে চৰাইদেউ জিলা প্ৰশাসনে। চৰাইদেউ জিলাৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ পলাশ ৰঞ্জণ ঘৰফলীয়াই ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ।

এই নিষেধাজ্ঞা অনুসৰি চৰাইদেউ জিলাত ১ এপ্ৰিল ২০২১ ৰ পৰা ১৫ জুলাই, ২০২১ লৈকে ৭ ছে:মি: ১২- ১৪ ছে:মি: তকৈ কম পাহিৰ বৰজাল, মহাজাল, ফাঁচিজাল; ভোৰজাল বা অন্য যিকোনো জাল মাছৰ প্ৰজনন ঋতুৰ সময়ত ঘোষিত মীন মহলত ব্যৱহাৰ কৰা নিষেধ ।

লগতে ১ এপ্ৰিল ২০২১ ৰ পৰা ১৫ জুলাই, ২০২১ লৈ মাছৰ প্ৰজনন ঋতুৰ সময়ত ৰৌ, বাহু, মিৰিকা, মালি, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া আৰু কুঢ়ি প্ৰজাতিৰ কণী বা শুক্ৰ থকা গাভিনী মাছ ঘোষিত মীন মহলত ধৰিব বা মাৰিব নোৱাৰিব । ইয়াৰোপৰি ১ এপ্ৰিল ২০২১ ৰ পৰা ১৫ জুলাই, ২০২১ লৈ কোনো নদী, ডোবা, বিল বা মীন মহলত ৭ বৰ্গ ছে:মি: তকৈ সৰু ফাঁকৰ “অস্থাৱৰ বানা”(বাঁহেৰে তৈয়াৰী মাছ ধৰা সঁ‌জুলি) মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব । এই নিষেধাজ্ঞা সমগ্ৰ জিলাখনতে তৎকালে বলৱৎ কৰা হৈছে আৰু ই ৬০ দিনৰ বাবে বাহাল থাকিব । কোনো ব্যক্তিয়ে এই আদেশ ভংগ কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে ১৮৮ ধাৰাৰ অধীনত আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply