সোণাৰিঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ৰ’দে-বৰষুণে পৰি থাকি নষ্ট হৈছে ৰাজ্য চৰকাৰে যোগান ধৰা বহু মূল্যবান ঔষধ। চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাংগণত সংঘটিত হোৱা এই ঘটনাই সচেতন লোকৰ চকু কপালত তুলিছে।
জানিব পৰা মতে, জিলাখনত চৰকাৰী ঔষধৰ ভঁৰাল নথকাৰ বাবে ৰাজ্য চৰকাৰে জিলাখনৰ দৰিদ্ৰ ৰোগী সকলৰ বাবে যোগান ধৰা ঔষধ সমূহ ৰ’দে-বৰষুণে পৰি থাকি নষ্ট হৈছে। মন কৰিবলগীয়া যে, চৰাইদেউ জিলা গঠন হোৱা ছয় বছৰ ন মাহ অতিক্ৰম কৰিলে যদিও আজিলৈকে জিলা ঔষধৰ ভঁৰাল এটা স্থাপন নোহোৱাত অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে এটা ঔষধৰ ভঁৰাল নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক। ইফালে, চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে কয়- ‘আমাৰ ঔষধবোৰ ৰাখিবলৈ যি স্থায়ী ড্ৰাগছ ষ্টৰ থাকিব লাগে, এতিয়ালৈকে হোৱা নাই।’