সোণাৰিঃ অসমৰ ব্যৱসায়ীক ধন দাবী কৰা এন এছ চি এনৰ ৰিফৰ্মেশ্বন গোটৰ বিত্ত বিভাগৰ যুটীয়া সম্পাদক আমন নাগাই প্ৰত্যাহাৰ কৰিলে অসমৰ ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহ কৰা প্ৰসংগ।

উল্লেখযোগ্য যে আমন নাগা নামৰ এন এছ চি এনৰ নেতাজনে বিগত সময়ত অসমৰ সৰু বৰ গাড়ীৰ পৰা প্ৰতিখন গাড়ীৰ বাবত বুজন পৰিমাণৰ ধন কৰ ৰূপে দাবী কৰিছিল।

লগতে পঢ়কঃদুই মন্ত্ৰীক সাক্ষাৎ কৰিলে যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমলে

ঘটনাৰ সন্দৰ্ভত সোণাৰিৰ ব্যৱসায়ীসকলে নাগালেণ্ডৰ মন আৰক্ষীৰ অধীক্ষকৰ ওচৰত গোচৰ দিয়াৰ উপৰিও অসমৰ চৰাইদেউ জিলা আৰক্ষী অধীক্ষককো বিষয়টোৰ সন্দৰ্ভত অৱগত কৰিছিল।

আনহাতে সংবাদ মাধ্যমত উক্ত বাতৰিটো তথ্য সহ প্ৰচাৰ হোৱাৰ পাছতে মন জিলাৰ আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰাত এন এছ চি এনৰ নেতাজনে অসমৰ ব্যৱসায়ীৰ পৰা ধন দাবী কৰা বিষয়টো প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈ পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply