সোণাৰিঃ অৰুণাচল প্ৰদেশৰ লংডিঙত বৃহস্পতিবাৰে ১৪ গৰাকী নগা উগ্ৰপন্থী সদস্যই আত্মসমৰ্পন কৰে।আত্মসমৰ্পনকাৰী সকলৰ ভিতৰত NSCN (IM) গোটৰ ১০ গৰাকী, NSCN (KYA) গোটৰ ২ গৰাকী, NSCN (U) গোটৰ ১ গৰাকী আৰু ENNG গোটৰ ১ গৰাকী সদস্যই আজি মূলসূঁতিলৈ ঘূৰি আহে বুলি সেনাৰ এক বিশেষ সূত্ৰই জনায়।

এই সকল সদস্যই অসম – অৰুণাচল সীমান্তত বলপূৰ্বক ভাৱে ধন দাবী কৰি আহিছিল বুলি জানিব পৰা গৈছে। আজি এনএছ চি এনৰ কেডাৰকেইজনে অস্ত্ৰসহ আত্মসমৰ্পন কৰে অৰুণাচল প্ৰদেশৰ লংডিং আৰক্ষীৰ ওচৰত ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply