সোণাৰি: সশস্ত্ৰ বিপ্লৱৰ অযুত সপোন বুকুত বান্ধি ২০০৭ চনতে সোণাৰিৰ চিংলোপথাৰস্থিত ঘৰৰ পৰা ওলাই গৈছিল কুসুম গগৈ নামৰ এগৰাকী যুৱতী। তাৰ পিছত আৰু কোনো দিনেই ঘৰলৈ অহা নাই কুসুম। ইফালে, নিজ কন্যা ক’ত আছে, কেনেকৈ আছে তাৰো খবৰ আজিলৈকে নাপালে পৰিয়ালৰ লোকে।
ইফালে, কন্যাক চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ থকা কুসুম গগৈৰ মাতৃয়ে কেতিয়াবা চাওঁ বুলি চাবলৈ ঘৰত ফটো এখনো নথকা বুলি আক্ষেপ প্ৰকাশ কৰে সাংবাদিকৰ আগত। কুসুমৰ মাতৃয়ে এতিয়া ঘৰৰ বাৰান্দাতে বহি ৰৈ আছে জীয়ৰী ঘৰলৈ উভতি আহিব বুলি।
আনহাতে, এটা জৰাজীৰ্ণ ঘৰত বাস কৰা ৰূগীয়া তথা কাণেৰে কমকৈ শুনা তুলেশ্বৰী গগৈয়ে শেহতীয়াকৈ এটা চৰকাৰী গৃহ লাভ কৰিছে যদিও এসাঁজ ভালকৈ খাবলৈও টকাৰ অভাৱৰ সন্মুখীন হৈ আহিছে বহু দিনৰ পৰাই। মন কৰিবলগীয়া যে কুসুম গগৈ সম্প্ৰতি ক’ত আছে নাইবা মৃত নে জীৱিত এই কথাও গম নাপায় আইতাগৰাকীয়ে।