সোণাৰিঃ বিগত বৰ্ষত বিশ্বজুৰি সৃষ্টি হোৱা ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে সেউজীয়া ভাল পোৱা সোণাৰিৰ এগৰাকী মহিলাই লকডাউনৰ সুবিধা লৈ ঘৰতে গঢ়ি তুলিছে এখন নাৰ্ছাৰী।

ফুল তথা বিভিন্ন গছপুলি সংগ্ৰহ তথা ৰোপণ কৰা নিচাক এতিয়া পেছালৈ পৰিণত কৰিছে মহিলাগৰাকীয়ে। সাংসাৰিক ব্যস্ততাৰ মাজতো সময় উলিয়াই সেউজীয়া ধৰণী গঢ়াৰ সপোন দেখিছে উচ্চ শিক্ষিতা মহিলাগৰাকীয়ে। মহিলা গৰাকীৰ নাম পদ্মজা ফুকন শইকীয়া।

লগতে পঢ়কঃকংগ্ৰেছ দলৰ সদস্য ভৰ্তি অভিযান আৰম্ভ

সোণাৰি পৌৰসভাৰ ১৬ নং ৱাৰ্ডৰ সুৰুয নগৰৰ বাসিন্দা পদ্মজা ফুকন শইকীয়াই এখন বেচৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ লগতো জড়িত। তাৰ মাজতে আজৰি সময়ৰ অপচয় নকৰি ঘৰতে এতিয়া গঢ়ি তুলিছে এখন নাৰ্চাৰী।

এখন সেউজী ধৰণীৰ সপোন দেখা এইগৰাকী মহিলাই নাৰ্চাৰী খনৰ জৰিয়তে বাছি লৈছে উপাৰ্জনৰ পথ। আনহাতে ঘৰতে জৈৱিক সাৰ উৎপাদন কৰি পেলনীয়া সামগ্ৰীৰো পুনৰব্যৱহাৰ কৰি দেখুওৱাইছে আদৰ্শ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,499 other subscribers

Leave a comment

Leave a Reply