সোণাৰিঃ অসমীয়া গীতি-কাব্য সাহিত্যৰ অন্যতম স্ৰষ্টা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ আজি স্মৃতি দিৱস। ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌ নৈৰ পাৰৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা পাৰ্বতি প্ৰসাদ বৰুৱাই জীৱনৰ সৰহভাগ সময় সোণাৰিৰ “সোণালী পাম”ত থাকিয়েই ৰচনা কৰিছিল বহু চিৰসেউজ গীত, কবিতা তথা নাটক। চতুৰ্থ খন অসমীয়া বোলছবি ‘ৰূপহী’ ৰ নিৰ্মাতা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাই যোৰহাটৰ সৰু চৰাই বাগিচাত থকা সময়তে সৃষ্টি কৰিছিল “জোনাকী মেল”ৰ। আনুষ্ঠানিকতা অবিহনে একোগৰাকী বৰ মেলুৱৈয়ে আঁত ধৰা জোনাকী মেলৰ জৰিয়তে খুদ খুদ জোনাকীৰ পোহৰেৰে জগত পোহৰ কৰাৰ সপোন দেখিছিল গীতিকবিয়ে।

নিভাঁজ অসমীয়া থলুৱা শব্দৰ গাঁথনি, থলুৱা সুৰ প্ৰয়োগেৰে চিৰসেউজ গীত আৰু কবিতা ৰচনা কৰা গীতিকবি গৰাকীয়ে এটি কলি দুটি পাতেৰে ভৰপূৰ চাহ বাগিচাৰ মালিক হৈও সমাজ-সংস্কৃতিক বাদ নিদি আইনাম, বিয়ানাম, বৰগীত, বনগীতৰ সুৰ প্ৰয়োগেৰে অসমীয়া সংগীত জগতত এটা নতুন ধাৰাৰ সংযোজন কৰিছিল। ওপজা মাটিৰ সুবাসেৰে সুবাসিত বহু চিৰসেউজ গীত-কাব্য সাহিত্যৰ স্ৰষ্টা এইগৰাকী মহান অসমীয়াই প্ৰকৃতিৰ লগত খেল খেলি এটা সময়ত ভাগৰি পৰিল। ১৯৬৪ চনৰ ৭ জুন তাৰিখে নিয়তীয়ে কাঢ়ি নিলে গীতিকবি গৰাকীক। গীতিকবিৰ মৃত্যুৰ পাছৰ পৰাই যেন ক্ৰমশঃ নিস্তব্ধ হৈ পৰিল সোণাৰিৰ “সোণালী পাম”। যিটো বাসগৃহৰপৰাই বহু গীত-কবিতা-নাটক সৃষ্টি হৈছিল সেই “সোণালী পাম” আজি অৱহেলিত-উপেক্ষিত। ইপিনে গীতিকবিৰ সৃষ্ট অপ্ৰকাশিত লেখা প্ৰকাশ তথা তেখেতৰ ব্যৱহৃত সামগ্ৰীসমূহ এতিয়াও সজীৱ হৈ থকা “সোণালী পাম”ক সংৰক্ষণ কৰিবলৈ চৰকাৰক আহ্বান সাহিত্য সংগঠন তথা সোণাৰি বাসীৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,588 other subscribers

Leave a comment

Leave a Reply Cancel reply