সোণাৰিঃ অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে সমগ্র ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো দেশভক্ত তৰুণ ৰাম ফুকনৰ ৮৩ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে দেশভক্তি দিৱস উদযাপন কৰা হয়। দেশভক্তি দিৱস উপলক্ষে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত তথা চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত উপায়ুক্ত পল বৰুৱাই সভাপতিত্বত কৰে।

সভাত উপায়ুক্ত প্ৰমুখ্যে আমন্ত্ৰিত মুক্তিযুঁজাৰু সকলে দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিচ্ছবিৰ আগত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। নিজ বক্তব্যত উপায়ুক্ত গৰাকীয়ে স্বাধীনতা সংগ্ৰামত দেশভক্ত তৰুণ ৰাম ফুকনৰ অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সু্ঁৱৰে। এই দিৱস উদযাপনৰ জৰিয়তে নৱ প্ৰজন্মক দেশসেৱাৰ প্ৰতি আত্মনিয়োগ আৰু উদ্বুদ্ধ কৰাত সহায়ক হ’ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, স্বাধীনতা সংগ্ৰামত দেশভক্ত তৰুণ ৰাম ফুকনৰ অৱদান অপৰিসীম। তেওঁ লগতে কয় যে, দেশভক্ত তৰুণ ৰাম ফুকনৰ লগতে অন্যান্য স্বাধীনতা সংগ্ৰামী তথা বীৰ শ্বহীদ সকলে আমাৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকৰ বৰ্তমান উচৰ্গা কৰিছে।

এই চিৰনমস্য ব্যক্তি সকলৰ চিন্তা-দৰ্শনৰ অধ্যয়ন আৰু আলোচনাৰ প্ৰাসংগিকতা সদায়ে আছে আৰু থাকিব বুলিও তেওঁ উল্লেখ কৰে। সভাত সোণাৰি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ সুনীল দত্তই আমন্ত্ৰিত বক্তা হিচাবে দেশভক্ত তৰুণ ৰাম ফুকনৰ জীৱন, দৰ্শন, কৰ্মৰাজি তথা অৱদানৰ ওপৰত সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে। তেওঁ দেশভক্ত গৰাকীৰ আদৰ্শ আৰু দৰ্শনৰ সৈতে নৱপ্ৰজন্মক পৰিচয় কৰোৱাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। আজিৰ সভাত জিলাখনৰ পাঁচ গৰাকী প্ৰবীণ মুক্তি যুঁজাৰু ক্ৰমে- গোলাপী চেতিয়া, পদৰাম ফুকন, কালিনাথ কোঁৱৰ, কুঞ্জ কোঁৱৰ আৰু গন্ধেশ্বৰ ৰাজকোঁৱৰক উপায়ুক্ত পল বৰুৱাই সম্বৰ্ধনা জনায়। সহকাৰী আয়ুক্ত জাহ্নৱী গোস্বামীয়ে সভাত আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়ৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈয়ে। আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, সহকাৰী আয়ুক্তদ্বয় সমূজ্বল বড়া আৰু সুপ্ৰভা ৰয়, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহানা, জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উপ- সভাপতি প্ৰবীণ চেতিয়া, সম্পাদক দিলীপ ৰাজকোঁৱৰ, ৰাজ্যিক সমিতিৰ সদস্য উমা ৰাজকোঁৱৰ, তথ্য আৰু জনসংযোগ কাৰ্য্যালয়ৰ কৰ্মচাৰী ক্ৰমে মিনাৰাম গগৈ আৰু টিটন দাসৰ লগতে ভালেসংখ্যক স্থানীয় সাংবাদিক উপস্থিত থাকে। আজিৰ সভাৰ আঁত ধৰে পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,395 other subscribers

Leave a comment

Leave a Reply Cancel reply