সোণাৰিঃ ৰঙালী বিহুটিলৈ মাজত মাথোঁ কিছুদিন বাকী। সকলো ব্যস্ত বিহুটিক আদৰিবলৈ। শিশু তথা যুৱক-যুৱতীসকল বিহুৰ আখৰাত ব্যস্ত থকাৰ সমান্তৰালকৈ শিল্পীসকলো সাজু হৈ উঠিছে ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ।

তেনে সময়তে ৰাজ্যৰ তিনিগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ। বিহুৰ বতৰত জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, কুসুম কৈলাস আৰু মাধৱ ৰঞ্জনে ৰূপন কৰিলে কাঞ্চন গছৰ পুলি।

চৰাইদেউ জিলাৰ প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাইৰ উদ্যোগত তিনিওগৰাকী কণ্ঠশিল্পীৰ সহযোগত দুহাজাৰটা কাঞ্চন পুলি ৰোপনৰ লগতে প্ৰতিপালনৰো দায়িত্ব গ্ৰহণ কৰিছে ইতিমধ্যে। চৰাইদেউ জিলাৰ দিচাংপানী অঞ্চলত এই উদ্দেশ্যে অনুপ পাটকাই আৰু দিচাংপানীবাসীৰ সহযোগত নীল-কুসুম-মাধৱ কাঞ্চন বাগিচা নামেৰে এটা প্ৰকল্পও হাতত লোৱা হৈছে বুলি জানিবলৈ দিছে শিল্পী কেইগৰাকীয়ে। মন কৰিবলগীয়া যে চৰাইদেউ জিলাৰ প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাই ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰায় ত্ৰিশ হাজাৰৰোধিক গছপুলি ৰোপণ কৰা লগতে প্ৰতিপালন কৰি প্ৰশংসিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply