সোণাৰিঃ চৰাইদেউ জিলা পয় পি মাউ উদযাপন সমিতিৰ উদ্যোগত আৰু টাই খাময়াং যুৱমঞ্চ চলাপথাৰৰ সহযোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে টাই নৱবৰ্ষ আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়।
চলাপথাৰ শ্যামগাঁৱৰ সমন্বয় ক্ষেত্ৰত চৰাইদেউ জিলা ভিত্তিত অনুষ্ঠিত হয় টাই নৱবৰ্ষৰ আদৰণি অনুষ্ঠান “পয় পি মাউ টাই ২১১৬”।
টাই পৰম্পৰাগত নৃত্য গীতৰ প্ৰতিযোগিতা, টাই সংস্কৃতি বিষয়ক আলোচনা চক্ৰ তথা টাই সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰে অনুষ্ঠিত হয় পয় পি মাউ টাই।
লগতে পঢ়কঃটীয়কত দুচকীয়া বাহনৰ হেলমেট নিপিন্ধা লোকক জৰিমনা
অনুষ্ঠানত বিশিষ্ট নিৱন্ধকাৰ তথা টাই ভাষা-সংস্কৃতিৰ গৱেষক পেইম থি গোঁহাই, চুবুৰীয়া ৰাজ্য মণিপুৰ টাই লাই এচ’ছিয়েছনৰ উপ সভাপতি এম ইমব’ছা, মণিপুৰৰ গৱেষক কে এইছ ৰাকেছ, মণিপুৰৰ টাই লাই এছ’ছিয়েছনৰ আংগেনজাও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
উল্লেখ্য যে, আজিৰ পৰা আৰম্ভ হৈছে টাই জনগোষ্ঠীৰ ২১১৬ সংখ্যক নৱবৰ্ষ। অসমত শ শ বছৰ কাল বসবাস কৰি অহা টাই আহোম, টাই খাময়াং, টাইফাকে, টাই আইতন, টাই খামটি আৰু টাই তুৰুং সকলে আজি উদযাপন কৰিছে “পয় পি মাউ তাই ২১১৬”।