সোণাৰি : গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষী থানালৈ বদলি হোৱা সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপান্ত ফুকনক আজি উজনি অসমৰ অন্যতম শক্তিশালী সংবাদকৰ্মীৰ মঞ্চ চৰাইদেউ প্ৰেছ গীল্ডৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। চৰাইদেউ প্ৰেছ গীল্ডৰ মুখ্য কাৰ্যালয়ত সাধাৰণ সম্পাদক অৰূপ দিহিঙ্গীয়াই আঁত ধৰা এক অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনাই গীল্ডৰ সভাপতি সূৰ্য কুমাৰ বৰা, প্ৰাক্তন সম্পাদক মিতুপৰ্ণ গগৈ, জ্যেষ্ঠ সাংবাদিক হৰিনাথ ফুকনৰ লগতে সংবাদ কৰ্মীসকলে।

আনহাতে আৰক্ষী বিষয়া গৰাকীক আনুষ্ঠানিকভাৱে বিদায় জনোৱাৰ উদ্দেশ্য সোণাৰি আৰক্ষী থানাত এক সভাৰ আয়োজন কৰা হয়। সোণাৰি আৰক্ষী থানাৰ প্ৰেক্ষাগৃহত শিক্ষক, সমাজকৰ্মী মণি গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থকা সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববিয়া ৰমা কোঁৱৰ, পুলক গগৈ, জ্যেষ্ঠ সাংবাদিক মৃত্যুঞ্জয় দাস, ৰেডক্ৰছ কৰ্মী স্বপন কৰ, প্রভাত বৰুৱা, নাট্যকৰ্মী কল্যান গগৈ, সমাজকৰ্মী মৃণাল খনিকৰ, বীৰ লাচিত সেনাৰ বিষয়ববিয়া ৰাজীৱ ৰাজ ফুকন, বিকাশ দত্ত, সমাজকৰ্মী ৰবীন বাইলুং, মাৰৱাৰী যুৱ মঞ্চৰ বিষয়ববীয়া বিকাশ সুৰেকা প্ৰমুখ্যে ভালে সংখ্যক বক্তাই আৰক্ষী বিষয়া গৰাকী উত্তৰ উত্তৰ কামনা কৰি শুভেচ্ছামূলক বিক্তব্য আগবঢ়ায়।

লগতে পঢ়ক : NHPCত কৰ্মৰত সন্ধানহীন যুৱক ছিমিয়ন ওৰাঙৰ মৃতদেহ উদ্ধাৰ সোঁৱনশিৰিৰ বুকুৰ পৰা

সভাত আৰক্ষী বিষয়া ফুকিনে সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত বিভিন্নজনে আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এক আবেগিক ভাষণ দিয়ে। সভাত উপস্থিত থকা আটাইকেইটা সংগঠন আৰু বিশিষ্ট ব্যক্তিৰ তৰফৰ পৰা আৰক্ষী বিষয়া গৰাকীক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু বিভিন্ন উপহাৰেৰে বিদায় সম্ভাষণ জনোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply