সোণাৰিঃ নৱবৰ্ষৰ প্ৰাকক্ষণত চৰাইদেউ আৰক্ষীৰ বিশেষ পদক্ষেপ।
বছৰৰ শেষৰটো দিনত হেলমেট পৰিধান কৰা লোকক এটি চকলেট প্ৰদান কৰি নৱবৰ্ষৰ শুভেচ্ছা চৰাইদেউ জিলা আৰক্ষীৰ।
লগতে পঢ়কঃপশ্চিম কাৰ্বি আংলং জিলাত ক’ভিড ভেকচিন অভিযান সফলতাৰে সম্পন্ন
চৰাইদেউ জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক অনিতা কোৱঁৰে হেলমেট পিন্ধা বাইক আৰোহীক এটি চকলেট প্ৰদান কৰি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।
ইপিনে হেলমেট নিপিন্ধা বাইক আৰোহী তথা ছিট বেল্ট নমৰা গাড়ী চালকক জৰিমনা বিহে চৰাইদেউ জিলা আৰক্ষীয়ে।