সোণাৰি : চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাটি লংপটিয়াৰ এটি দুৰ্দশাগ্ৰস্ত পৰিয়ালক এতিয়া আপোনাৰ সহায়ৰ প্ৰয়োজন। আপোনাৰ অকণমান সহায়ে হয়তো চাৰিজনীয়া পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাই তুলিব।
ভাটি লংপটিয়া গাওঁৰ নিবাসী হৰিচন্দ্ৰ গগৈ আৰু তেওঁৰ পত্নী জোনালী গগৈ পাঁচ মাহ ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছে । দুটি কন্যা সন্তানৰ পিতৃ-মাতৃ পৰিয়ালটোৰ দুজন মুৰব্বী শাৰিৰীক অসুস্থতাৰ বাবে চাৰিজনীয়া পৰিয়ালটো এতিয়া আৰ্থিক ভাবে একেবাৰে দুৰ্বল হৈ পৰিছে।
বিগত এপ্ৰিল মাহতেই দিন হাজিৰা কৰা পৰিয়ালটোৰ মুৰব্বী হৰিশচন্দ্ৰ গগৈৰ দেহত অগ্নি সংযোগ হোৱাৰ ফলত বাওঁ ভৰিটো অক্ষম হৈ পৰিছিল । চিকিৎসা কৰা হৈছিল যদিও আৰ্থিক দুৰৱস্থাৰ বাবে উন্নত চিকিৎসা লাভ নকৰাত এতিয়া তেওঁ শয্যাগত।
আনহাতে তেখেতৰ পত্নী জোনালী গগৈ থাইৰডৰ সমস্যাৰ লগতে আন কেতবোৰ গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাত ঘৰৰপৰা বাহিৰলৈও ওলাব নোৱাৰা এক অৱস্থা। ইফালে পৰিয়ালটোৰ মুৰব্বী দুগৰাকীয়ে আৰ্থিক দুৰৱস্থাৰ বাবে উন্নত চিকিৎসা কৰিবলৈও হস্পিতালত ভৰ্তি হোৱাটো দূৰৰে কথা দুবেলা-দুমুঠি খাদ্যৰ বাবেও এতিয়া চিন্তিত হৈ পৰিছে।
আৰু পঢ়কঃমাহমৰা সমষ্টিৰ এটি দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ কাষত সাংসদ তপন কুমাৰ গগৈ
ইয়াৰ পৰিপ্ৰেক্ষিতত স্থানীয় যুৱকসকলে কিছু সহায়ৰ হাত আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। আনহাতে যুৱকসকলে সম্প্ৰতি পৰিয়ালটোৰ খেতি মাটিডৰাত হাল বায় ধান ৰুই দিয়াৰো দায়িত্ব গ্ৰহণ কৰিছে ।
এতিয়া স্থানীয় ৰাইজৰ লগতে পৰিয়ালটোৱে কোনো হৃদয়বান লোকৰ লগতে চৰকাৰ তথা জন প্ৰতিনিধিৰ সহযোগিতা কামনা কৰিছে।
পৰিয়ালটোলৈ কোনো লোকে সহায় আগবঢ়াব বিচাৰিলে জোনালী গগৈৰ নামত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট নম্বৰ 7183010013068, IFSC-PUNB0RRBAGB ত কিছু সহায়ৰ হাত আগবঢ়াব পাৰিব।