সোণাৰিঃ আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াই মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে সোণাৰিৰ এগৰাকী যুৱকে। যুৱকগৰাকীৰ নাম প্ৰাচুৰ্য বৰগোহাঁই।
শ্বিলঙৰ চেণ্ট এডমাণ্ড কলেজৰ ছাত্ৰ প্ৰাচুৰ্য বৰগোহাঁইয়ে সোণাৰিৰ পদপথত বসবাস কৰা লোকসকলৰ কাষত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়ায়।
এইগৰাকী যুৱকে সাঁচতীয়া ধনেৰে মঙলবাৰে সোণাৰিৰ পদপথত বসবাস কৰা প্ৰায় অৰ্ধশতাধিক লোকক N95 মাস্ক, চেনিটাইজাৰ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে।
আৰু পঢ়কঃনিচাযুক্ত সামগ্রীৰ সৰবৰাহকাৰীক কেৱল গ্রেপ্তাৰ কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰিছে নেকি
উল্লেখ্য যে, কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নিৰ্দেশনাই আহুকালৰ সৃষ্টি কৰিছে বিভিন্ন জনক। আংশিক লকডাউনৰ ফলত জনজীৱন স্তব্ধপ্ৰায় হৈ পৰিছে খাটিখোৱা সাধাৰণ জনতাৰ।
তাৰ সমান্তৰালকৈ এতিয়া খাদ্য সংকটত ভুগিছে আশ্ৰয়হীন পদপথৰ বাসিন্দা সকল। এইসকল পদপথৰ বাসিন্দাক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে সোণাৰিৰ মানৱদৰদী যুৱক প্ৰাচুৰ্য বৰগোহাঁই। । সোণাৰিৰ সমাজকৰ্মী বিপুল বৰগোহাঁই আৰু মেৰী বৰগোহাঁইৰ এই পদক্ষেপ এতিয়া প্ৰশংসনীয় বিবেচিত হৈ পৰিছে সোণাৰিত। উল্লেখ্য যে বিগত সময়তো বানপানীৰ লগতে বিভিন্ন কাৰণত উপায়হীন হৈ পৰা লোকসকলক সহায়ৰ হাত আগবঢ়ায় মানৱতাৰ নিদৰ্শন ডাঙি ধৰিছিল প্ৰাচুৰ্য বৰগোহাঁই।