সোণাৰিঃ সোণাৰিত অসম হেণ্ডবল সন্থাৰ সংবাদমেল।
চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ উদ্যোগত, অসম হেণ্ডবল সন্থা আৰু চৰাইদেউবাসীৰ সহযোগত সাপেখাটিত ২৮ সংখ্যক অমূল্য দাস সোঁৱৰণী আন্তঃজিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
চাৰি ডিচেম্বৰৰপৰা ছয় ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন।
লগতে পঢ়কঃছয়গাঁৱত নিৰ্মাণ শ্ৰমিকৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী
ৰাজ্যৰ ১৭ খন জিলাৰ ৫২ টা দলে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত।
সাপেখাটি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
প্ৰতিযোগিতা সন্দৰ্ভত সংবাদমেলযোগে অৱগত কৰিলে অসম হেণ্ডবল সন্থাই।