সোণাৰিঃ আগন্তুক গণৰাজ্য দিৱস পালনৰ উদ্দেশ্যে চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানৰ পৌৰোহিত্যত এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত হয়।
বৈঠকত জিলাখনৰ সকলো মুৰব্বী বিভাগৰ বিষয়া, জেষ্ঠ্য নাগৰিক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়া বৰ্গৰ উপস্থিতিত অনুস্থিত হোৱা বৈঠকত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে অহা ২৬ জানুৱাৰী তাৰিখে পালন কৰিবলগীয়া গণৰাজ্য দিৱসত যাতে জিলাখনত শান্তিৰে পালন কৰিব পাৰি সেইক্ষেত্ৰত প্ৰশাসনক সকলো ক্ষেত্ৰতে সহায় সহযোগ আগবঢ়াবলৈ আহ্বান জনায়।
লগতে পঢ়কঃঅসম আৰক্ষীত সংস্কাৰ সাধনৰ উদ্দেশ্য আৰক্ষী বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ সন্মিলন
বৈঠকত অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে উল্লেখ কৰে যে জিলাখনত ইতিমধ্যে সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষীৰ দ্বাৰা পহৰা দিয়াৰো ব্যৱস্থা কৰা হৈছে।
বৈঠকত অতিৰিক্ত উপায়ুক্ত জিমলী শইকীয়া, মহকুমাধিপতি ( সদৰ ) প্ৰাঞ্জল প্ৰতিম কোঁৱৰৰ লগতে কাৰ্যবাহী দণ্ডাধীশ সকলো উপস্থিত আছিল।