সোণাৰী– ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা বয়োজ্যেষ্ঠ, ক’ভিড ৰোগী আৰু বিশেষভাৱে সক্ষম লোকৰ প’ষ্টেল বেলট সন্দৰ্ভত চৰাইদেউ জিলাৰ উপায়ুক্তই মঙ্গলবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰে। জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে এই সমূহ প’ষ্টেল বেলট সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি উক্ত ব্যৱস্থা সমূহত পৰা লোক সকলক এই বিশেষ বেলটৰ সুবিধা লবলৈ আহবান জনায়।
আশী বছৰৰ ঊৰ্দ্ধৰ বয়োজেষ্ঠ সকলৰ লগতে বিশেষ ভাৱে সক্ষম লোক সকলে নিজ নিজ অঞ্চলৰ বিএলঅ’ সকলৰ সৈতে যোগাযোগ কৰি প’ষ্টেল বেলটৰ সুবিধা লাভ কৰিব পাৰিব।প’ষ্টেল বেলটৰ বাবে আবেদন কৰা লোক সকলক নিৰ্বাচন কাৰ্যালয়ৰ তৰফৰ পৰা ঘৰতে নিয়মানুসৰি ভোট গ্ৰহণৰ ব্যৱস্থা কৰিব।
সেইদৰে ক’ভিড ৰোগত আক্ৰান্ত সকলকো প্ৰতিৰক্ষামূলক পিপিই কিট পৰিধান কৰি নিৰ্বাচনী কাৰ্যালয়ে ভোট গ্ৰহণৰ ব্যৱস্থা কৰিব।উল্লেখযোগ্য যে এবাৰ পষ্টেল বেলটৰ বাবে আবেদন কৰা ব্যক্তিয়ে ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব নোৱাৰিব বুলি জানিবলৈ দিছে সংবাদমেলত।