সোণাৰিঃ আৰক্ষীৰ চকুত ধূলি মাৰি দীৰ্ঘদিন ধৰি পলায়ন কৰি থকা তথা যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এটা কুখ্যাত পলাতক কয়েদীক আজি আটক কৰিবলৈ সক্ষম হ’ল সোণাৰি আৰক্ষী। কয়েদীটো সোণাৰি পৌৰ সভাৰ অন্তৰ্গত লাচিত (চেনীগুদাম) নগৰৰ বাসিন্দা ৰাজেশ বৰা (৩২)।

শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা কৌশলেৰে পলায়ন কৰা ৰাজেশ বৰাই প্ৰায় ১০ বছৰ কাল আত্মগোপন কৰি থকাৰ পাছত আজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। তথ্য অনুসৰি ঈদৰ সময়ত কুখ্যাত পলাতক কয়েদী ৰাজেশ সোণাৰিৰ ঘৰলৈ অহা বুলি আৰক্ষীয়ে গোপন সূত্ৰ অনুসৰি জানিব পাৰি আটক কৰিবলৈ জাল পেলাই কালি নিশাই সোণাৰি আৰক্ষীয়ে সোণাৰি-নামতোলা পথৰ দাঁতিৰ ঘৰত অতৰ্কিতে অভিযান চলাই ৰাজেশ বৰাক আটক কৰে।

আজি ৰাজেশক চৰাইদেউ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত চৰাইদেউ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। পাছত শিৱসাগৰ আৰক্ষীয়ে পলাতক কয়েদী ৰাজেশ বৰাক নিজৰ জিম্মালৈ নিয়ে। উল্লেখ্য যে, ৰাজেশ বৰাই ২০০৪ চনৰ ২ আগষ্টত দুই সতীৰ্থৰ সহযোগত সোণাৰি নগৰৰ যুৱ ব্যৱসায়ী চাজিম আহমেদ ওৰফে জাহানুৰক হত্যা কৰিয়েই মধ্যপ্ৰদেশৰ জব্বলপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নৱবিবাহিতা পত্নীসহ ৰাওনা হৈছিল।

দুদিনৰ পাছতহে পানীমেটেকাৰ তলত উৱলি যোৱা জাহানুৰৰ মৃতদেহ উদ্ধাৰ হয় আৰু আৰক্ষীয়ে জোৰদাৰ তদন্তত নামি পৰে। ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি থকা অৱস্থাতে ৮ আগষ্টত ৰাকেশ বৰাক পত্নীসহ আটক কৰিছিল। উল্লেখ্য যে, ঘটনাৰ সংক্ৰান্তত আদালতত দীৰ্ঘদিন ধৰি হোৱা গোচৰটোৰ ৰায়দানত হত্যাকাৰী ৰাজেশ বৰাক যাৱৎজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল।

শিৱসাগৰ জিলা কাৰাগাৰত বন্দী হৈ থকা সময়তে ২০১৩ চনৰ ফেব্ৰুৱাৰীত পলায়ন কৰে ৰাকেশে। অসুখৰ ভাও ধৰা ৰাজেশক চিকিৎসাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পথতে পলায়ন কৰি আত্মগোপন কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply