সোণাৰিঃ সাপেখাতী ৰহনলৈ গৌৰৱ কঢ়িয়াই অনা এগৰাকী কণমানি মডেল। নিজা প্ৰতিভাৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খিতাপ আজুৰি আনি অসমবাসীৰ মৰম জিনিবলৈ সক্ষম হৈছে চৰাইদেউৰ সাপেখাতীৰ ২ নং ৰহনৰ নিবাসী হেমন্ত আৰন্ধৰা আৰু শিল্পী আৰন্ধৰাৰ কন্যা প্ৰিয়ংকা আৰন্ধৰাই।

প্ৰিয়ংকাই চাৰিবছৰ বয়সৰ পৰাই বিহুনৃত্য, সৃষ্টিমূলক নৃত্যকে আদি কৰি বিভিন্ন নৃত্য-গীতৰ প্ৰশিক্ষণ লোৱাৰ উপৰিও বিভিন্ন প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ লাভ কৰিছে ৷

লগতে পঢ়কঃতেজপুৰৰ টেঙাবস্তিত উত্তেজিত ৰাইজে জ্বলালে ট্ৰেক্টৰ

পঞ্চম শ্ৰেণীত অধ্যয়নৰত প্ৰিয়ংকাই চলিত বৰ্ষতেই অসমৰ সৰ্বশ্ৰেষ্ঠ মডেলৰ খিতাপ, মৰাণত অনুষ্ঠিত দিচাং ফেছন শ্ব’ খিতাপ , নৰ্থ-ইষ্ট গোলাঘাটৰ বিজয়ীৰ খিতাপ, মিছ আছাম ফেচ অফ আইকনৰ বিজয়ীৰ খিতাপ, ছুপাৰ মডেল অফ আছামৰ খিতাপ, মেগা ফেচ অৱ আছামকে আদি কৰি বিভিন্ন ৰাজ্যিক প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ লাভ কৰাৰ লগতে ‘মিছ ইণ্ডিয়া নেছনেল ডিভা’ৰ বিজয়ী মুকুট লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply