সোণাৰিঃ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত দীৰ্ঘদিন ধৰি অব্যাহত থকা ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে দেওবাৰে নামতোলা আৰক্ষীয়ে আটক কৰিছিল পাঁচজন সৰবৰাহকাৰী।

কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজনক নামতোলা আৰক্ষীয়ে নিশাই মুকলি কৰি দিয়ে। যাৰ ফলত নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্তৰ ড্ৰাগছ সৰবৰাহকাৰীৰ লগত গোপন বুজাবুজি থকাৰ অভিযোগ উত্থাপন হৈছে। যাৰ পৰিপ্ৰেক্ষিতত নামতোলাৰ গাঁওৰক্ষী বাহিনীৰ সদস্য সকলে নামতোলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেশ দত্তৰ বিৰুদ্ধে থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়কঃগৰৈমাৰীত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে এজনে

উল্লেখ্য যে, কিছুদিন পূৰ্বে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ত্ৰিনাথ পৰিদাক ড্ৰাগছসহ আটক কৰা পাছত আৰক্ষীৰ ওচৰত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আটক কৰা হৈছিল পাঁচ ড্ৰাগছ সৰবৰাহকাৰীক।

ইপিনে, চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া অমিতাভ বসুমতাৰীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰেশ দত্তই এৰি দিয়া লোককেইজনক পুনৰ আটক কৰিবলৈ নিৰ্দেশ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply