সোণাৰিঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকীৰ নেতৃত্বত কেন্দ্ৰৰ বিজেপি চৰকাৰে ক্ৰমাগত ভাৱে ৰাহুল গান্ধীক সম্পূৰ্ণ আক্ৰোশমূলকভাৱে হাৰাশাস্তি কৰাৰ উপৰিও তেখেতৰ ভাৱমূৰ্ত্তি ম্লান কৰাৰ চেষ্টাৰ লগতে দিল্লীত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত আৰক্ষী বলপূৰ্বক প্ৰৱেশ কৰি কাৰ্যালয়ৰ কৰ্মচাৰী সকলক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত আৰু এনে প্ৰতিশোধমূলক কাৰ্যৰ লগতে বহু দলীয় ৰাজনৈতিক দলৰ সংবিধান প্ৰদত্ত ক্ষমতা আৰক্ষীয়ে কাঢ়ি নিয়াৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰাৰ কথা আছিল যদিও আৰক্ষীয়ে জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় সোণাৰি ৰাজীৱ ভৱনৰ সমীপতে প্ৰতিবাদকাৰী সকলক আতক কৰি ৰাখে৷

লগতে পঢ়কঃবাঘমাৰাত ভূমিস্খলনত নিহত তিনিজনকৈ লোক

প্ৰতিবাদকাৰীসকলে আটক কৰা স্থানতে বিজেপি চৰকাৰ আৰু দিল্লীত আৰক্ষীয়ে কৰা পক্ষপাতমূলক আচৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সুৰুয দিহিঙ্গীয়া, কংগ্ৰেছ দলৰ ৰাজ্যিক অবিচি বিভাগৰ উপ সভাপতি পৱিত্ৰ শইকীয়াকে প্ৰমুখ্যে কৰি জিলা কংগ্ৰেছ কমিটিৰ বিষয় ববীয়া, সোণাৰি আৰু মাহমৰা সমষ্টিৰ ব্লক কংগ্ৰেছ কমিটি সভাপতি সমন্বিতে দলীয়া কৰ্মী বৃন্দ, জিলা, ব্লক মহিলা কংগ্ৰেছ , যুৱ কংগ্ৰেছ , সেৱা দল , এন এছ ইউ আইৰ লগতে কংগ্ৰেছ দলৰ বিভিন্ন বিভাগৰ নেতা কৰ্মী ,সদস্য-সদস্যা সকল উপস্থিত থাকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply