সোণাৰিঃ সোণাৰি বিধানসভা সমষ্টিৰ সৰুপথাৰ গাওঁ পঞ্চায়তৰ অধীনৰ বেঙেনাবাৰী পথৰ ওপৰত নিৰ্মাণ হৈ থকা এখন দলঙৰ নিৰ্মাণক লৈ ৰাইজৰ তীব্ৰ ক্ষোভ ৷
২০ বছৰ পুৰনি দলংখনৰ গাৰ্ড ৱাল’ৰ ওপৰত নতুনকৈ দলং নিৰ্মাণৰ প্ৰস্তুতিক জাঙুৰ খাই উঠিছে স্থানীয় দল সংগঠনৰ লগতে গঞা ৰাইজ ৷
বেঙেনাবাৰী অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ পথটোৰ ওপৰত থকা দলংখন পুনৰ নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ দাবী জনায় অহাৰ পাছত শেহতীয়াকৈ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল বিভাগীয় কৰ্তৃপক্ষই।
কিন্তু অতি পৰিতাপৰ কথা যে ২০ বছৰ আগতেই নিৰ্মাণ কৰা দলংখন পুনৰ নিৰ্মাণৰ নামত পুৰণা গাৰ্ডৱালৰ ওপৰতে আৰচিচি দলংখন নিৰ্মাণ কৰিবলৈ বিচাৰিছিল সংশ্লিষ্ট পক্ষই।
যাৰ ফলত এতিয়া ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷