সোণাৰিঃ দেশৰ অন্যান্য ঠাইৰ লগতে সোণাৰিতো বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা টীয়ক চাহ বাগিচা কৰ্তৃপক্ষৰ সহযোগত টীয়ক চাহ বাগিচাত এখনি যক্ষ্মা ৰোগৰ সজাগতা ৰেলি উলিওৱা হয়। টীয়ক চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক বিশ্বজিৎ চেতিয়াই ৰেলি উদ্বোধন কৰি ভাষণ আগবঢ়ায়। চাহ বাগিচাখনৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰা ৰেলিৰে অংশগ্ৰহণকাৰী সকলে “টি বি হাৰিব, দেশ জিকিব”, টি বি নিৰ্মূকৰণত সহযোগ কৰক” আদি শ্লোগান দি যক্ষ্মা ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস চলায়।

দুপৰীয়া চাহ বাগিচাখনৰ চিকিৎসালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। বাগিচা খনৰ স্বাস্থ্য কৰ্মী পিংকু বনিক দাসে আঁতধৰা সভাখনত জ্যেষ্ঠ পৰিচালক বিশ্বজিৎ চেতিয়া, জ্যেষ্ঠ চিকিৎসক ডাঃ প্ৰবীণ বৰগোহাঞি, সোণাৰি যক্ষ্মা কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসা তত্বাৱধায়ক মৃত্যুঞ্জয় দাস প্ৰমুখ্যে বক্তা সকলে বিশ্ব যক্ষ্মা দিৱস উদযাপনৰ তাৎপৰ্য সম্পৰ্কে ভাষণ দিয়ে।

বক্তা সকলে ২০২৫ চনৰ ভিতৰত ভাৰতক যক্ষ্মা মুক্ত দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা সংকল্পক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply