সোণাৰিঃ সোণাৰিৰ টাওকাক চাহ বাগিচাৰ এটি শ্ৰমিক পৰিয়ালৰ এগৰাকী কিশোৰীক বাগিচা খনৰ সহকাৰী পৰিচালক পংকজ হাতীবৰুৱাই যৌন নিৰ্যাতন চলায় অন্তসত্বা কৰাৰ খবৰ পোহৰলৈ অহাৰ পাছতে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত আহি উপস্থিত হয় অসম জাতীয় পৰিষদৰ নেতা গৌতম হাতীমূৰীয়া।

সহকাৰী পৰিচালক পংকজ হাতীবৰুৱাই নিজৰ বাংলোত বনকৰা কিশোৰীক যৌন নিৰ্যাতন চলায় অন্তসত্ত্বা কৰাৰ খবৰ পোহৰলৈ অহাৰ পিছত বৃহস্পতিবাৰে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল বাগিচা খনৰ শ্ৰমিকসকলে।

ইফালে এই খবৰ সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছত আজি দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হয় অসম জাতীয় পৰিষদৰ নেতা গৰাকী।

আনহাতে ভুক্তভোগী কিশোৰী গৰাকীৰ সমস্ত দায়িত্ব চাহ বাগিচা কৰ্তৃপক্ষই গ্ৰহণ কৰা লগতে অভিযুক্ত লোকজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ নেতা গৰাকীয়ে।

লগতে পঢ়কঃ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈ কিশোৰী ৪ মাহৰ অন্ত:সত্বা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply