সোণাৰিঃ সোণাৰি বিধানসভা সমষ্টিৰ সাপেখাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত উদয়শ্ৰী গাওঁ পঞ্চায়তৰ এটা পথে এতিয়া জ্বলাকলা খুৱাইছে জনসাধাৰণক। পঞ্চায়তটোৰ ৬ নং ৱাৰ্ডৰ চিৰাখোৱা আলিৰ বিধ্বস্ত অৱস্থাৰ বাবে এতিয়া  সমস্য়াৰ সন্মুখীন হৈছে ৰাইজ।

পথটো নিৰ্মাণৰ বাবে বৃহৎ সংখ্যক ধনৰ আৱণ্টন হৈছিল যদিও সেই ধনৰ উচিত ব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

আৰু পঢ়কঃএটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ পৰিস্থিতি ওদালগুৰি জিলাৰ ৩ নং ৰাজাগড় অঞ্চলত

ৰাইজৰ অভিযোগ অনুসৰি পথটোত নিৰ্দিষ্ট পৰিমাণে শিলনীকৰণ নকৰাৰ বাবে এতিয়া পথটোৰ ঠায়ে ঠায়ে একাঁঠু বোকা সৃষ্টি হৈছে।

যাৰ ফলত গাড়ীটো বাদেই কান্ধত চাইকেল লৈ অহা-যোৱা কৰিবলগীয়া হৈছে স্থানীয় ৰাইজ। আনহাতে বাৰিষাৰ আৰম্ভণিতে পথটো বোকাময় হৈ পৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ইয়াৰ পৰিপ্ৰেক্ষিতত পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনাইছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply