সোণাৰিঃ চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত একাংশ চৰকাৰী বিদ্যালয়ত শিক্ষক কৰ্মচাৰীৰ অভাৱৰ বাবেই এতিয়া হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা।

বিদ্যালয়ত বিষয় শিক্ষক নথকাৰ বাবেই শিক্ষা গ্ৰহণত ছাত্ৰ-ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হোৱাৰো অভিযোগ উত্থাপন হৈছে।

ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিৰ অন্তৰ্গত গড়চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৭ জন শিক্ষকৰ পদ খালী হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। মাহমৰা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ দিৰৈ ৰাঙলী অঞ্চলৰ একুৰিৰোধিক গাঁওৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহন কৰা এই বিদ্যালয়ৰ দীৰ্ঘদিন ধৰি আন্তঃগাথঁনিৰো উন্নয়ন নোহোৱাকৈ আছে।

লগতে পঢ়কঃক’ভিডৰ সংক্ৰমণৰ বাবে অনিৰ্দিষ্ট সময়লৈ বন্ধ বনভোজ স্থলীসমূহ

ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষা কেন্দ্ৰ হিচাপে নিৰ্বাচিত এই বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ ডেক্স-বেঞ্চ নথকাত আন ঠাইৰপৰা ভাৰালৈ আনিবলগীয়া হোৱা লগতে বিদ্যালয় চৌহদৰ বেৰা নথকাৰ বাবে নিৰাপত্তা জনিত সমস্যায়ো দেখা দিয়ে পৰীক্ষাৰ সময়ত।

ইয়াৰ পৰিপ্ৰেক্ষিত এই বিষয়টোত এতিয়া উদ্বিগ্ন হৈ পৰিছে মাহমৰা আঞ্চলিক ছাত্ৰ সন্থা। মন কৰিবলগীয়া যে, ৰাইজৰ দান-বৰঙনি তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সাহায্যৰে বিগত সময়ত বহু খিনি উন্নয়ন কৰা হৈছে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা গড়চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। তাৰ পিছতো কিন্তু শিক্ষক-কৰ্মচাৰীৰ পদ পূৰণত গুৰুত্ব দিয়া নাই চৰকাৰে। যাৰ ফলত এতিয়া বিদ্যালয়খনত দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে শিক্ষাৰ্থীৰ সংখ্যা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply